ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ বুধবাৰে বৰাকত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকা।বৰাকত উপস্থিত হৈ বেতুকান্দি মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত বেতুকান্দি অঞ্চলৰ বৰাক নদীৰ মথাউৰি কটাৰ সৈতে জড়িত লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰা হব কঠোৰ সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে।লগতে তেওঁ কয় যে মথাউৰি কটাৰ সৈতে জড়িত ৫ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ,আৰু যদি আন কোনোবা এই কাৰ্যৰ সৈতে জড়িত হৈ আছে তেতিয়া তেওঁলোককো শাস্তি প্ৰদান কৰা হব বুলি সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে।লগতে শীতকালত সকলোবোৰ নদীৰ মথাউৰী ণিৰ্মাণৰ কাৰ্য স্থায়ীভাৱে সম্পূৰ্ণ কৰা হব বুলি ঘোষণা কৰে মন্ত্ৰী পীয়ুষ হজৰিকাই।মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী,জিলাৰ উপায়ুক্ত ৰোহণকুমাৰ ঝা,আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰকে ধৰি আন দলীয় কৰ্মীসকল।
লগতে কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী পীৰ নগৰ অঞ্চলত থকা বলেশ্বৰ আৰু ফুচকাইন শ্লুইচগেট পৰিদৰ্শন কৰি কয় যে এই শ্লুইচগেট দুখন জলসম্পদ বিভাগৰ নহয়,যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গেটসমূহ মেৰামতি কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।