মন্ত্ৰী পীযুষ হাজৰিকাৰ বান-খহনীয়া পৰিস্থিতিক লৈ সষ্টম হৈ থকাৰ নিৰ্দেশ অভিযন্তাসকলক

Share

ৰাজ্যত বৰ্তমান বানৰ সংহাৰ ৰূপ। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ পৰা ভিডিঅ কনফাৰেন্সৰ জৰিয়তে সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যখনৰ সাম্প্ৰতিক বান আৰু খহনীয়াৰ বুজ লয়। 

 মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়া অঞ্চলসমূহত জৰুৰী আৰু অগ্ৰাধিকাৰ ভিত্তিত জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ ব্যৱহাৰ কৰি খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ডিব্ৰুগড় চহৰত বৰ্তমান ব্ৰক্ষ্মপুত্ৰ নদীৰ খহনীয়া বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি খহনীয়া ৰোধৰ বাবে কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে পীযুষ হাজৰিকাই। ডিব্ৰুগড়ৰ অভিযন্তাসকলক মুখ্যঅভিযন্তাৰ কাৰ্যলয়ৰ পৰা সকলোধৰণৰ সহায় আগবঢ়াবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। 

লগতে মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ নাওবৈচাত হোৱা বান পৰিস্থিতিৰো বুজ লয়। উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ নিৰ্দেশত শিঙৰা নদীৰ বানত ভাগি যোৱা মথাউৰিৰ ভগ্ন অংশৰ মেৰামতিৰ কাম চলাই থকা হৈছে। পৰ্যালোচনা বৈঠকত পীযুষ হাজৰিকাই সকলো অভিযন্তা কৰ্মচাৰীক বাৰিষাৰ সময়খিনিত সষ্টম হৈ থাকিবলৈ ৰাজ্যবাসীক বান-খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায়। 

Leave a Reply

Your email address will not be published. Required fields are marked *