তপন গগৈৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী পীযুষ হাজৰিকাই

Share

৯৬ নং শিৱসাগৰ বিধান সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা৷পীযুষ হাজৰিকাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ সভাত কটাক্ষ কৰিলে গৌৰৱ গগৈক৷নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে সংসদীয় এলেকাৰ চুক-কোণ চিনি নোপোৱা প্ৰাৰ্থীয়ে কি নিৰ্বাচনী যুঁজ কৰিব৷যোৰহাট লোকসভা সমষ্টিৰ অধ্যুসিত পাৰিজাত,চুণপোৰা,শল’গুৰি,দিল্লীঘাট,সৰাগুৰি আদি ঠাইৰ নাম শুনি নোপোৱা গৌৰৱে যোৰহাট সমষ্টিত প্ৰায় আঢ়ৈ লাখতকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত হ’ব৷পীযুষ হাজৰিকাই বসন্তৰ কুলিৰ লগত তুলনা কৰিলে গৌৰৱ গগৈক।বহাগৰ পিছত কুলি অন্তৰ্ধান হোৱাৰ দৰে হ’ব গৌৰৱ গগৈয়ো।
 
ইয়াৰোপৰি পীযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মালা আঁচনিৰ অধীনত কেইবাটাও পথৰ নিৰ্মাণকাৰ্য,ডেৰশ কোটি টকীয়া ৰংঘৰৰ প্ৰকল্প,১৫ কোটি টকীয়া ২৫ নং বেটেলিয়ানৰ কাৰ্যালয় মুকলি,শিৱসাগৰক আইকনিক চাইটচ ঘোষণা,চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ গঢ়াৰ লগতে শ শ কোটি টকাৰ উন্নয়নৰ কাম চলি আছে।ৰাইজৰ আগত সম্প্ৰতি প্ৰশংসাৰে উপচাই পেলালে মন্ত্ৰী পীযুষ হাজৰিকাই তপন গগৈক।

শেহতীয়াকৈ যোৰহাট লোকসভা সমষ্টিতো বিজেপি শাসনৰ সময়ছোৱাত হোৱা অভাৱনীয় উন্নয়নেই বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ বিজয়ৰ মূলমন্ত্ৰ।গতিকে ৰাহুল গান্ধী-অখিল গগৈৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলিৰ পঠা হ’ব যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *