কাজিৰঙা সংসদীয় সমষ্টিক সামৰি কলিয়াবৰৰ কুঁৱৰীটোলত আয়োজিত এখন বিশাল বুথ কৰ্মী সন্মিলনেৰে অগপই সমাগত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায়। দলীয় কৰ্মীসকলক উদ্দেশ্য়ি দিয়া ভাষণ প্ৰসংগত অগপ সভাপতি বৰাই কংগ্ৰেছ আৰু এআইইউডিএফlৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ বাবে আহিবলগীয়া শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনাই কয় যে -উত্তৰ পূৱৰ দুৱাৰমুখত ভৰি দিয়েই ৰাহুল গান্ধীয়ে অসমত এক নতুন প্ৰতিছবি দেখা পাব।
কংগ্ৰেছৰ মনত ৰখা ভাল যেন ভাল বিকশিত অসমৰ জনসাধাৰণে এতিয়া আৰু তেওঁলোকক গ্ৰহণ নকৰে । কংগ্ৰেছ – এআইইউডিএফৰ কথাৰে সংখ্য়ালঘুৰ ত্ৰাণকৰ্তা । কিন্তু কামত ঘোৰ শত্ৰু । স্বাধীনতাৰ পিছত দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছে সংখ্য়ালঘুৰ সৰ্বাংগীণ বিকাশ ত্বৰান্বিত কৰা নাই। বৰঞ্চ এতিয়াহে সংখ্য়ালঘুৰ বিকাশ আৰু প্ৰগতি তৰান্বিত হৈছে । কাজিৰঙা সংসদীয় সমষ্টিত এইবাৰ কংগ্ৰেছৰ সূৰ্য অস্তমিত হ’ব বুলি তেওঁ মন্তব্য় কৰে।