সাংবাদিকৰ দাবীক মনেসজা অভিযোগ আখ্যা মন্ত্ৰী অশোক সিংহলৰ

Share

কিছুদিন পূৰ্বে মন্ত্ৰী অশোক সিংহলে গুৰুজনাৰ সৃষ্টিৰাজী ভওনাক লৈ তাচ্ছিল্যতা কৰিছিল বুলি অভিযুক উত্থাপন কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবৰ এগৰাকী সাংবাদিকে। যাক লৈ চলিত বাজেট অধিবেশনতো সৃষ্টি হৈছিল বিতৰ্কৰ।
উল্লেখ্য যে, ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনাৰ প্ৰস্তুতি চলাইছিল গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদীকসকলে। তেওঁলোকক সহযোগীতা আগবঢ়াইছিল উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰই। গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে বিভিন্ন ৰাজনৈতিক অৰাজনৈক লোকক ভাওনালৈ আমন্ত্ৰণী জনাইছিল। সেই অুনসৰি মন্ত্ৰী অশোক সিংহলকো ভাওনালৈ আমন্ত্ৰণ জনাবলৈ সাংবাদিকৰ এটা দল উপস্থিত হৈছিল মন্ত্ৰী অশোক সিংহলৰ বাসগৃহত। কিন্তু মন্ত্ৰী অশোক সিংহলে ভাওনাক লৈ কটু মন্তব্য কৰা বুলি অভিযুগ উত্থাপন কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এগৰাকী সাংবাদীকে। এই বিষয়টোক লয় সমগ্ৰ অসমতে সৃষ্টি হৈছিল বিতৰ্কৰ। যিটো বিষয়ে চলিত অধিবেনতো সৃষ্টি কৰিছিল বিতৰ্কৰ।
ইয়াৰ পিছতে নিজৰ মৌনতা ভংগ কৰি মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যকত পষ্টযোগে শ্বেয়াৰ কৰি স্পষ্ট কৰে যে তেখেতে গুৰুজনাৰ ভাওনাৰ ভাওনাক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰা বুলি মিছা উত্থাপিত অভিযোগ কৰিছে সাংবাদিকে। তেওঁক লৈ উত্থাপিত এই অভিযোগ সমূহ সম্পূৰ্ণ মনেসজা। তেঁও ভাওনাক লৈ কূট মন্তব্য কৰাটো দূৰৰে কথা তেঁও তেনেধৰণৰ কথা কেতিয়াও কল্পনাও কৰিব নোৱাৰে। এনেদৰে মিছাৰ আশ্ৰয় লৈ অসমবাসীক অশ্ৰদ্ধা-অপমানক গৰিহণা দি তেঁওৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত সাংবাদিকগৰাকীক অনতি পলমে ক্ষমা খুজিবলৈ কয়। অথবা তেওঁ আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ব।
মন্ত্ৰী সিংহলৰ এই স্পষ্টীকৰণৰ পাচত এতিয়া উত্থাপিত অভিযোগ সন্দৰ্ভত বিষয়টো কি পৰ্যায়লৈ গতি কৰে সেয়া লক্ষণীয় হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *