মণিপুৰৰ লকটক হ্ৰদত হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষী

Share

গুৱাহাটী ,২৯ জানুৱাৰী: মণিপুৰৰ লকটক হ্ৰদত হ্ৰাস পাইছে পৰিভ্ৰমী জলজ পক্ষীৰ উপস্থিতি ।পৰিভ্ৰমী পক্ষী হ্ৰাস পোৱ বিষয়টোই পক্ষীবিদসকলক শংকিত কৰি তুলিছে।শেহতীয়াকৈ জানিব পাৰি যে, জলজ পক্ষীৰ পৰিভ্ৰমক লৈ চলোৱা জৰীপত বৰ্তমান পৰিভ্ৰমী  চৰাইৰ উপস্থিতি কম হোৱাত হতাশা প্ৰকাশ কৰিছে পক্ষীবিদসকলে।বম্বে নেচাৰেল হিষ্ট্ৰীছচাইটিৰ উদ্যোগত মণিপুৰৰ পৰিবেশআৰু  জলবায়ু পৰিৱৰ্তন বিভাগ আৰু লকটক হ্ৰদ উন্নয়ন কৰ্তৃপক্ষৰ সহযোগত ২০ জানুৱাৰীত লকটক আৰু কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানক সামৰি এই পক্ষী জৰীপ চলাইছিল ।বিশ্বৰ আটাইতকৈ ডাঙৰ ভাসমান উদ্যান আৰু দুৰ্লভ বিপন্ন প্ৰজাতিৰ চাংগাই হৰিণৰ বাসস্থান লকটক হ্ৰদত এই পক্ষীৰ জৰীপ চলোৱা হৈছিল ।ইন্ডিয়ান বাৰ্ড কনজাৰৰ্ভেচন নেটৰ্ৱকৰ ৰাজ্যিক  সমন্বয়ক আৰ কে বীৰজিৎ সিঙে কয় যে আমি লেকটক আৰু  কেইবুল লামজাওৰ ৫০ টা স্থানত টেলিফটো কেমেৰা আৰু বাইনোকুলাৰ ব্যৱহাৰ কৰি জৰীপ চলাইছিলো। এই জৰীপত সংখ্যা ১২ হেজাৰতকৈ কম পক্ষীৰ তথ্য লাভ কৰে ।ইয়াৰ প্ৰায় ১০ টা প্ৰজাতিৰ পক্ষী যথেষ্ট হ্ৰাস পাইছে । এই হ্ৰাস পুৰ্বৰ পৰিসংখ্যাৰ তুলনাত হতাশজনক ।আনহাতে ২০টাতকৈও অধিক প্ৰজাতিৰ  ২০০০০ হাজাৰৰো অধিক চৰাই দেখা গৈছিল ।এই জলচৰ চৰাই সমুহ যেনে ,লেছাৰ হুইচেলিং হাহঁ, কুট ,ফেচেট্ন টেইল জাকানা আদি । লকটক হ্ৰদত  পৰিভ্ৰমী জলচৰ চৰাইৰ সংখ্যা কমি অহাৰ কাৰণ হল ব্যক্তিগত মীনপাম নিৰ্মাণ , মাছমৰীয়াৰ সংখ্যা বৃদ্ধি ,চোৰাং চিকাৰ ,ৰাতি মাছমৰীয়াই এল ই ডি বাল্ব ব্যৱহাৰ কৰা আদি কাৰণৰ ফলত ।

Leave a Reply

Your email address will not be published. Required fields are marked *