ডিজিটেল ডেস্কঃ আগন্তুক ৫ দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। এই আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতি যোগে সদৰী কৰা মতে, আগন্তুক ৫ দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰবল বৃষ্টিপাত হব পাৰে।
ইয়াৰ প্ৰভাৱত আগন্তুক সময়ত উত্তৰ-পূবৰ ৰাজ্য অৰ্থাৎ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণৰ লগতে ধুমুহা, বিজুলী আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।