অষ্ট্ৰেলিয়াৰ সাগৰ পাৰত উদ্ধাৰ হৈছে ধাতুৰ চিলিণ্ডাৰ

Share

পশ্চিম অষ্ট্ৰেলিয়াৰ সাগৰ পাৰত উদ্ধাৰ হোৱা ৰহস্যময় বিশাল ধাতুৰ চিলিণ্ডাৰকলৈ এতিয়া অষ্ট্ৰেলিয়াত সৃষ্টি হৈছে তীব্ৰ কৌতুহলৰ। অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে এই ৰহস্যময়ী বৃহৎ চিলিণ্ডাৰটো যোৱা ১৪ জুলাই তাৰিখে ভাৰতে উৎক্ষেপন কৰা মহাকাশযান চন্দ্ৰযান-৩ৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে।

কিন্তু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা এই পৰ্যন্ত এই বিষয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই। উল্লেখ্য যে, দেওবাৰে ইচৰোই এক টুইটযোগে চন্দ্ৰযান-৩ৰ অগ্ৰগতিৰ বিষয়ে জনাই কয় যে, মহাকাশযানখন বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু ইণ্ডিপেণ্ডেণ্টৰ নামৰ এটা বাতৰি প্ৰতিষ্ঠানৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে বিয়লি পশ্চিম অষ্ট্ৰেলিয়াৰ মিড-ৱেষ্ট উপকূলৰ গ্ৰীণ হেড চহৰৰ সমীপৰ বাসিন্দাসকলে এই অচিনাক্ত সামগ্ৰীবিধ প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। 

ইপিনে অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাৰ এগৰাকী মুখপাত্ৰই জনাই যে তেওঁলোকে এই অচিনাক্ত সামগ্ৰীবিধৰ গৱেষণা কৰিছে আৰু  কিছুদিন পূৰ্বে ভাৰতে উৎক্ষেপন কৰা চন্দ্ৰযান-৩ৰ অংশ হ’ব পাৰে নেকি সেই বিষয়েও পৰীক্ষা চলাইছে। সমান্তৰালভাবে তেওঁলোকে বিশ্বৰ বিভিন্ন মহাকাশ সংস্থাসমূহৰ লগতে ইচৰোৰ লগতো ইয়াৰ তথ্যৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *