মাহেকীয়া ঋতুস্ৰাৱ আৰু কিছু কথা

Share

✍️ জ্যোতিস্মিতা শইকীয়া

ই-মেইল- jyotishmitasaikia232@gmail.com

প্ৰায় সমগ্ৰ গ্ৰাম্য-ভাৰততে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱক লৈ অন্ধবিশ্বাস আৰু গোঢ়ামিৰ অন্ত নাই। আমাৰ অসমতো জাক-জমককৈ তুলনি বিয়া পতাৰ উজান উঠা ঠিকেই দেখা যায়,কিন্তু নতুনকৈ শৰীৰলৈ আহি পৰা এই অভাৱনীয় পৰিৱৰ্তনৰ আঁৰৰ বৈজ্ঞানিক কাৰণ প্ৰায়ে ছোৱালীগৰাকীক অৱগত কৰোৱা নহয়।আজিৰ দিনতো প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা ছোৱালীগৰাকীক সূৰ্যৰ পোহৰ নপৰাকৈ,কোনো পুৰূষে নেদেখাকৈ সম্পূৰ্ণ ৭ দিন আহাৰৰ নামত বুট মগু,ফলাহাৰাদি খাই কটাবলৈ বাধ্য কৰোৱা হয়। সম্পূৰ্ণ স্বাভাৱিক এক শাৰীৰিক প্ৰক্ৰিয়াৰ বাবে ছোৱালীজনীক দৈনন্দিন কাৰ্য-কলাপ তথা স্কুল যোৱাৰ পৰা বিৰত ৰাখি কৰা এই ধৰণৰ পুৰণিকলীয়া নীতি-নিয়ম পালন তাইৰ কুমলীয়া মন-মগজুত কি বিৰূপ প্ৰভাৱ পেলাব সেয়া ভাবি চাবৰ হ’ল।অৰূপা পটংগীয়া কলিতা বাইদেউৰ “পাছ-চোতালৰ কথকতা” শীৰ্ষক গল্পটি এইখিনিতে মনলৈ আহিছে।
প্ৰথম ঋতু আৰম্ভৰ সময়ত ৯-১৪ বছৰীয়া কিশোৰীগৰাকীক কিদৰে নিৰ্দিষ্ট দিনকেইটাত পৰিস্কাৰ- পৰিচ্ছন্নতা অৱলম্বন কৰি ভয়াৱহ ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰি,লগতে দৈনন্দিন কাৰ্যসূচী নিৰ্বিঘ্নে চলাই নিব পাৰি সেয়া শিকোৱাতো অতি দৰকাৰী।তদুপৰি সহজলভ্য বতৰৰ শাক-পাচলিৰে সৈতে সুষম আহাৰ গ্ৰহণ কৰাৰ উপৰিও শৰীৰক এই সময়ত লাগতীয়াল আইৰণ,ভিটামিন ইত্যাদিৰো প্ৰয়োজন হয়। লগতে এইক্ষেত্ৰত, হৰমোনজনিত কাৰণত নানানটা সমস্যাই দেখা দিব পাৰে।যিবোৰ আওকাণ নকৰি শৰীৰৰ অন্যান্য ৰোগৰ দৰেই গুৰূত্বসহকাৰে লৈ প্ৰসূতি বিশেষজ্ঞৰ কাষ চপা উচিত।
একবিংশ শতিকাত, বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে তথা ছচিয়েল মেডিয়াই পৃথিৱীক গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰা সময়ত চহৰ নগৰকে আদি কৰি গাঁৱে ভূঞেও মহিলাৰ মাহেকীয়া সন্দৰ্ভত বহুখিনি কেৰোণ আঁতৰিছে।জকাইচুকীয়া ফাৰ্মাচীতো চেনিটেৰী নেপকিনৰ সহজলভ্যতা অতি ভাল লগা কথা।তদুপৰি চৰকাৰীভাৱে প্ৰদান কৰা অতি কম মূল্যৰ বিনিময়ত ক্ৰয়সাধ্য চেনিটেৰী পেড,হাইস্কুলীয়া কিশোৰী ছাত্ৰীৰ বাবে বিনামূলীয়া আইৰণ টেবলেট বিতৰণ,বানপানীৰ সময়ত বিভিন্ন এন জি অ’ আদিয়ে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেড বিতৰণ কৰা আদিবোৰো সু-খবৰ।
শেহতীয়াকৈ,দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে “ৰাষ্ট্ৰীয় ঋতুস্ৰাৱ পৰিষ্কাৰ- পৰিচ্ছন্নতা নীতি ,২০২৩” ৰ খচৰা প্ৰকাশ কৰিছে।যিয়ে ছোৱালী আৰু মহিলাকে ধৰি ঋতুস্ৰাৱ হোৱা সকলোৰে বাবে ইয়াক এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া হিচাপে স্বীকৃতি দিয়াত তথা প্ৰজনন বয়সৰ অতি স্বাভাৱিক অথচ সমজুৱাকৈ আলোচনাবৰ্জিত এই অভিজ্ঞতাক কিছু পৰিমানে স্বীকৃতি প্ৰদান কৰে।এইক্ষেত্ৰত,অভাৱগ্ৰস্ত আৰু দুৰ্বল জনসংখ্যাক অগ্ৰাধিকাৰ দিয়া হয়।
স্পেইন হৈছে ইউৰোপৰ প্ৰথমখন দেশ যিয়ে শ্ৰমিকসকলক ঋতুস্ৰাৱৰ বাবে দৰমহাযুক্ত ছুটী প্ৰদান কৰিছে।আমাৰ দেশতো অতি সোনকালে তেনে হৈ উঠিব বুলি আমি আশাবাদী।

Leave a Reply

Your email address will not be published. Required fields are marked *