মাঘৰ বিহুত মেজিৰ জুই নজ্বলে এখন গাওঁত

Share

ভোগালী বিহুলৈ মাজত মাথো দুটা দিন । চাৰিওফালে এতিয়া ভোগালীৰ আনন্দ ।কিন্তু এই আনন্দৰ মাজতে এখন গাওঁত ২৫ বছৰ ধৰি গাওঁ বাসীয়ে পালন কৰা নাই ভোগৰ উৎসৱ ভোগালী বিহু । কিন্তু কিয় ? কি আছে ইয়াৰ আৰঁত ?

২৫ বছৰ পূৰ্বে ১৯৯৮ চনৰ ১৩ জানুৱাৰীত ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত মাঘ বিহুৰ উৰুকাৰ নিশা অস্ত্ৰধাৰী উগ্ৰপন্থীৰ  গুলীচালনাত মহিলাসহ – শিশু ১৭ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। সেই  দিনটোৰ পিছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন কৰা নাই । ভোগালী বিহুৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মাহাৰা হোৱাৰ বিপৰীতে উচুপি উঠে গাওঁবাসী । ভোগালী বিহু আহিলেই বুকুখন বিষাদেৰে ভৰি পৰে গাঁওবাসীৰ। উৰুকাৰ সেই দিনটোত  গাওঁবাসীয়ে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম-কীৰ্তন অনুস্থিত কৰি আহিছে।

উল্লেখ্য যে মাঘ বিহুৰ উৰুকাৰ নিশা  গাঁৱৰ ৰাইজে ভোজ ভাতৰ প্ৰস্তুতি চলাই থকাৰ সময়তে কেইজনমান উগ্ৰপন্থীয়ে হাতে হাতে মাৰণাস্ত্ৰ লৈ  জধে–মধে গুলীচালনা কৰিছিল। এই নিৰ্বিচাৰ গুলীচালনাত ৪টা পৰিয়ালৰ মুঠ ১৭জন লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।মৃত্যুবৰণ কৰা লোকসকল আছিল – হেমচন্দ্ৰ কলিতা, প্ৰমোদ কলিতা, দ্বিপেন কলিতা, প্ৰতিমা কলিতা, গীতাৰাণী কলিতা, জয়মতী কলিতা, নৱজি়ত কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা,  ফেলেনী ভূঞা, বীণা ভূঞা, কুঞ্জপ্ৰভা কলিতা, মহেশ্বৰ হালৈ, লিপিকা কলিতা, গীতাঞ্জলী কলিতা, হিৰণ কলিতা, আৰু ধনেশ্বৰ কলিতা ।

বিগত ২৫ টা বছৰেও নিৰীহ লোকসকলৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম নহ’ল চৰকাৰ। আনকি সেই সময়ত থকা আধিপত্যত থকা  চৰকাৰেও নিহত লোকসকলৰ  পৰিয়ালক কোনো ধৰণৰ ক্ষতিপুৰণো দিয়া নাছিল। বৰ্তমানেও গাঁওবাসীয়ে চৰম নিৰাপত্তাহীনতাৰ মাজেৰে দিন অতিবাহিত কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *