গুৱাহাটীবাসীলৈ মেয়ৰ মৃগেন শৰণীয়াৰ গুৰুত্বপুৰ্ণ মন্তব্য

Share

জাইকাৰ পানী পাবলৈ হ’লে এতিয়াৰে পৰা গুৱাহাটীবাসীয়ে দিব লাগিব নিজৰ সম্পত্তিৰ কৰ ৷ এই মন্তব্য কৰিছে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই ৷ তেওঁ এক সংবাদ মেলত এই গুৰুত্বপুৰ্ণ মন্তব্যটো আগবঢ়াই ৷ তেওঁ কয় যে জাইকাৰ পৰা যেতিয়া সম্পুৰ্ণভাৱে পানীৰ সংযোগ ব্যৱস্থা কৰি দিয়া হব তেতিয়াহলে সম্পত্তিৰ কৰ দিয়াটো বাধ্যতামূলক হ’ব ৷ যদিহে কোনো ব্যক্তিয়ে সম্পত্তিৰ কৰ পৰিষোধ কৰিব নোৱাৰিব তেতিয়হলে তেওঁ জাইকাৰ পানী পোৱাটো অসম্ভৱ হ’ব ৷ তেওঁ কয় যে-জল বৰ্ডৰ লগতো আমাৰ এক চুক্তি হব ৷ গুৱাহাটীৰ ৩০ শতাংশ অঞ্চলত জিএমচিয়ে পানী যোগান ধৰি আছে ৷ আমি ৬০ শতাংশ কৰ পাইছো ৷ তেওঁ সংবাদমেলখনত  সম্পত্তি ছীল সন্দৰ্ভতো কয় যে- যিসকলে কৰ আদায় দিয়া নাই তেওঁলোকে অহা ৩১ মাৰ্চৰ ভিতৰত কৰ আদায় দিবলৈ আহ্বান জনায় নহলে সম্পত্তিৰ ছীল কৰা হ’ব নতুবা হল্ডিং নম্বৰ বা বিদ্যুত কৰ্তন কৰা হ’ব ৷ গুৱাহাটীৰ ৫০ টা বানিজ্যিক কেন্দ্ৰ আৰু ঘৰৰ তালিকা   ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ,তাৰ আমি সম্পত্তি ছীল কৰিম ৷ আমি এটিয়ালৈকে বহুতৰে সম্পত্তি ছীল কৰিছো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *