বানৰ কবলত মায়ং,৪৯ খন গাঁও বৰ্তমান জলমগ্ন

Share

ব্ৰক্ষ্মপুত্ৰ ভদীয়া বানত বুৰ গৈছে মায়ং,বৰ্তমানো মায়ঙৰ বান পৰিস্থিতিত অপৰিবৰ্তিত হৈ আছে ৷ বানত ডুব গৈছে বিদ্যালয়,পথ আৰু চৰকাৰী শিক্ষানুষ্ঠান ৷ ইফালে ভদীয়া বানত বুৰ গৈছে পবিতৰা অভয়াৰণ্যৰ ৪০ শতাংশ এলেকাকে ধৰি মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৯ খন ৰাজহ গাঁও জলমগ্ন হৈছে । মায়ঙৰ কিছু কিছু অঞ্চলত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলতে ছাত্ৰ-ছাত্ৰীয়ে স্কুল কলেজলৈ নাৱেৰেই অহা-যোৱা কৰিব লগা হৈছিল ৷ বানৰ সংহাৰী ৰূপ ধাৰণ কৰাত বুৰাবুৰী পঞ্চায়তৰ অন্তৰ্গত পশ্চিম নেকেৰাহাৰী আৰু হামিদীয়া প্ৰাথমিক বিদ্যালয়, আশীঘৰ, চপৰাপাৰ, মুৰকটা, পাভকাতিৰ বৰামাৰী প্ৰাথমিক বিদ্যালয় বৰ্তমান বানত বুৰ গৈছে আনকি মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত পানী প্ৰৱেশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *