সাল-সলনিৰ দিশে মেট্ৰিকৰ প্ৰশ্ন কাকতঃ ঘোষণা ছেবাৰ

Share

নিউজ ডেস্ক, ৯ আগষ্টঃ পৰিবৰ্তনৰ দিশে ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত । ২০২৩ বৰ্ষৰ মেট্ৰিকৰ প্ৰশ্ন কাকতত  বৃহৎ সাল-সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । প্ৰশ্ন কাকতৰ প্ৰশ্নৰ ধৰণ সলনি হ’ব আগন্তুক মেট্ৰিক পৰীক্ষাত । এই সন্দৰ্ভত চিন্তা- চৰ্চা অব্যাহত  ৰাখিছে ছেবা কৰ্তৃপক্ষই । ছেবাই জনোৱা মতে, কেইবাটাও বিষয়ত সংক্ষিপ্ত ৰূপত থাকিব প্ৰশ্ন কাকত । ৫০ শতাংশ থাকিব বৰ্ণনামূলক । লক্ষণীয় কথাটো হ’ল যে- ইংৰাজী, গণিত, সমাজ বিজ্ঞান আদি বিষয় সংক্ষিপ্ত ৰূপত থাকিব। 

উল্লেখ্য যে, ২০২৩ বৰ্ষত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীয়ে হয়তো পূৰ্বৰ কাকতৰ সৈতে পৰীক্ষা দি’বলগীয়া ন’হব । আগন্তুক   মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ ছেবাই চলাইছে চিন্তা চৰ্চা । উত্তৰ বহীৰ ক্ষেত্ৰতো ব্যাপক পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *