ৰঙালী বিহুৰ পূৰ্বেই হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবৰ বাবে সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB)। এপ্ৰিল মাহৰ শেষৰ সপ্তাহত অথবা মে’ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। মঙলবাৰে বামুণীমৈদামস্থিত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ মুখ্য কাৰ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা ( এবছু ) আৰু ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ মাজত হোৱা বৈঠকৰ পাছতেই সংবাদ মেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে সদৰী কৰে এই কথা।
বি টি এ ডিৰ বিদ্যালয়সমূহৰ গুণোৎসৱৰ নিম্নগামী ফলাফল, বিদ্যালয় শিক্ষণ পৰিষদত বড়ো মাধ্যমৰ শৈক্ষিক বিষয়া নিযুক্তি, বি টি এ ডিৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ সমস্যা, বড়ো মাধ্যমত গণিত-বিজ্ঞানৰ শিক্ষক নিযুক্তি আদিৰ দৰে কেটবোৰ গুৰুত্বপূৰ্ণ বিষয়ত বৈঠকত আলোচনা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে দ্বীপেন বড়োৱে। ইয়াৰ লগতে হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষা পৰিষদৰ অধ্যক্ষ গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে ৰঙালী বিহুৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। দ্বীপেন বড়োৱে এই কথাও কয় যে এইবাৰ উচ্চতক মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৫,১১৩ গৰাকী পৰীক্ষাৰ্থী প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে। এই পৰীক্ষাৰ্থীসকলৰ ফলাফলত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা পৰিষদৰ অধ্যক্ষক অনুৰোধ জনায়।