নিউজ ডেস্ক, ১১মাৰ্চঃ ওদালগুৰিৰ ভৈৰৱকুণ্ডত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড । অসম- অৰুণাচল সীমান্তত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা যায় । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত এই অগ্নিকাণ্ডই লৈছিল এক ভয়ঙ্কৰ ৰূপ । জানিব পৰা মতে ভৈৰৱকুণ্ডৰ বনভোজস্থলিৰ সমীপতে এই ৰহস্যজনক অগ্নিকাণ্ড সংঘটিত হয় । বৰ্তমান অঞ্চলটোত অগ্নি নিৰ্বাপিত হৈছে যদিও অঞ্চলটোত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা আছে ।স্থানীয় ৰাইজে জনায় যে বিগত বৰ্ষৰ নবেম্বৰ মাহতো বনভোজস্থলিৰ সমীপতে সংঘটিত হৈছিল অনুৰূপ অগ্নিকাণ্ডৰ ঘটনা ।