গুৱাহাটী, ১৯ জানুৱাৰী:গুৱাহাটীৰ কালাপাহাৰৰ বিবেকানন্দ বেংগলী স্কুলৰ কাষত জোট মিলত মংগলবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
ঘটনাৰ সঠিক কাৰণ এতিয়ালৈ পোহৰত অহা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ তথ্য অনুসৰি অগ্নিকাণ্ডৰ ফলত সুভাশিস দাস নামৰ এজন লোকৰ বাসগৃহৰ লগতে এটা তুলাৰ গুদাম, গেৰেজো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জুইৰ প্ৰকোপ ইমানেই ভয়াবহ আছিল যে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণৰ চেষ্টা কৰিব লগা হয়। লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডত৷