চিলাপথাৰত যোৱা নিশা প্ৰায় ৮:৩০ মান বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হয় আকষ্মিকভাৱে জ্বলি উঠে দুখনকৈ দোকান।চিলাপথাৰত ফনিৰাম টায়েং দৈনিক বজাৰতে এই ঘটনা সংঘটিত হয় চকুৰ পচাৰতে সকলো ছাই হৈ যায়।পৰৱৰ্তী সময়তে অগ্নিনিৰ্বাপন বাহিনীৰ বাহন আহি অগ্নিনিৰ্বাপন কৰি কোনোমতে নগৰখন ৰক্ষা কৰিলে যদিও দুয়োখন দোকানৰ মালিক ৰাজা পাইত,মঞ্জয় মাঝি আৰু সন্তোষ চাহু।জানিব পৰা মতে তেওঁলোকৰ ফল-মূল,তামোল আৰু কনীৰ পাইকাৰী দোকান আছিল।বৈদ্যুাতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ’ল বুলি ধাৰনা কৰা হৈছে।