নিশা বটব্ৰৱাত বিধ্বংসী অগ্নিকাণ্ড

Share

গুৱাহাটী,২৮ ডিচেম্বৰঃ নিশা বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত বহু লাখ টকাৰ ক্ষতি হোৱাৰ লগতে প্ৰায় ১৩খন ব্যৱসায়ীক প্ৰতিষ্ঠানত নিশা জুইয়ে ভষ্মিভূত কৰে । সংঘটিত হোৱা অগ্নিকাণ্ড ফলত মনিহাৰী সামগ্ৰী,ফটো,কিতাপ,পুতলা,কাপোৰ আদিৰ দোকানৰ লগতে বহুকেইখন হোটেলো ভষ্মিভূত হয় । পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয় যদিও প্ৰায় ৫০ লাখ টকাৰ সা-সামগ্ৰী ভষ্মিভূত হয় বুলি জানিব পৰা গৈছে । অৱশ্যে এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা নাই । 

Leave a Reply

Your email address will not be published. Required fields are marked *