১৫ ছেপ্তেম্বৰ / ANA নিউজ ডেস্কঃ ১৩ ছেপ্তেম্বৰ বুধবাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। নাওশলীয়াৰ জুটুলীবাৰী বৰহোলা গাঁওৰ বাসগৃহত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ড । বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে একাংশ স্থানীয় লোকে। অগ্নিকাণ্ড হোৱা ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডৰ ফলত বহুতো মূল্যৱান সা-সামগ্ৰী জুইত ভষ্মীভূত হয়।