গুৱাহাটী, ডিচেম্বৰ ২ঃ কামৰূপ মেট্ৰ’ জিলা পৰিবহন কাৰ্যালয়ে বুধবাৰে চহৰখনৰ গণেশগুৰি আৰু চান্দমাৰী অঞ্চলত হেলমেটবিহীন আৰোহী আৰু পিলিয়ন ৰাইডাৰৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰে। দুচকীয়া বাহনৰ সৈতে সংঘটিত পথ দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান আৰম্ভ কৰা হৈছে।
অভিযানৰ সময়ত বহুতো ব্যক্তিয়ে নিয়ম উলংঘা কৰা দেখা গৈছিল আৰু উলংঘনকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিভাগটোৱে অপৰাধৰ ২৭৭ টা গোচৰ পঞ্জীয়ন কৰিছিল আৰু তেওঁলোকৰ পৰা ৪৬,০০০ টকাৰ জৰিমনা প্ৰাপ্ত কৰা হৈছিল। অভিযানটোৰ নেতৃত্ব দিয়া জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে কৈছিল যে হেলমেটবিহীন আৰোহী আৰু পিলিয়ন ৰাইডাৰ দুয়োৰে বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে আৰু এই অভিযান অব্যাহত থাকিব।
এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই কয় যে দুচকীয়া বাহন আৰোহীসকলে পথ সুৰক্ষা নিয়ম নিষ্ঠাৰে পালন কৰিব লাগিব। তেওঁ লগতে কয় যে বছৰৰ শেষৰ দিনটোত বাঢ়ি অহা পথ দূৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৩১ ডিচেম্বৰত কোনো মটৰ চাইকেলক ৬০ কিলোমিটাৰ গতিৰ ওপৰত চলাবলৈ অনুমতি দিয়া নহ’ব।