আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত সামূহিক দৌৰ

Share

৩১ অক্টোবৰৰ দিনটো প্ৰতিবছৰে দেশত “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে উদযাপন কৰা হয়।৩১ অক্টোবৰত প্ৰতিবছৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা তথা গণতন্ত্ৰৰ অন্যতম প্ৰতিষ্ঠাপক দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ওপজা দিনটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে উদযাপন কৰি অহা হৈছে। কিন্তু এইবাৰ ব্যতিক্ৰম হ’ল এই দিৱস ।দীপাৱলী আৰু কালীপূজাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ অনুৰোধত সমগ্ৰ দেশজুৰি ৩১ অক্টোবৰৰ পৰিৱৰ্তে ২৯ অক্টোবৰত পালন কৰা হয় “ৰাষ্ট্ৰীয় একতা দিৱস”।এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে ‘একতাৰ বাবে দৌৰ’ কাৰ্যসূচী।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মঙলবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামতো ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত আয়োজিত কৰা হয় ‘একতাৰ দৌৰ’ কাৰ্যসূচী ।এই অনুষ্ঠানত উপস্থিত থাকি একতাৰ দৌৰ কাৰ্যসূচীৰ ফ্লেগ-অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই কাৰ্যসূচী উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “চৰ্দাৰজীৰ মহান আদৰ্শক সাৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ যি মূলমন্ত্ৰেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক সবল ৰূপত আগুৱাই নিয়াৰ লগতে ভাৰতৰত্ন চৰ্দাৰজীৰ অম্লান কৰ্মৰাজিয়ে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি যাব ।” অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।উল্লেখ্য় যে লতাশিল খেলপথাৰৰ পৰাও উলিওৱা হৈছে একতাৰ দৌৰ। দৌৰৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয় শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

Leave a Reply

Your email address will not be published. Required fields are marked *