মন্তী জয়ন্তমল্ল গ’বেক ধ্বনিৰে উত্তাল 

Share

মন্তী জয়ন্তমল্ল গ’বেক ধ্বনিৰে উত্তাল 

জনতা ভৱনৰ কাষতে থকা নেডফিৰ কাৰ্যালয়ত ‘ফেয়াৰ তথা কেৰিয়াৰ ফেয়াৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰৰ হৈ মন্তী জয়ন্তমল্ল বৰুৱাই। কিন্তু হবলগীয়া কেৰিয়াৰ ফেয়াৰ অনুষ্ঠিত ন’হল নেডফিৰ কাৰ্যালয়ত। কোনো ধৰণৰ জাননী নিদিয়াকৈ কেৰিয়াৰ ফেয়াৰৰ দিন সলনি কৰা হল। যাৰ বাবে চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰুধিতা কৰে নেডফিৰ কাৰ্যালয়ৰ সন্মুখত । ইয়াৰ উপৰি সংস্থাপনৰ বাবে বিভিন্ন জিলাৰ পৰা অহা শ শ শিক্ষিত নিবনুৱা যুৱতীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱা গ’বেক ,জব মেলাৰ নামত চৰকাৰৰ ভণ্ডামি নচলিব ‘আদি শ্লো’গান দি প্ৰতিবাদকাৰী সকলে মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে। 

 
উল্লেখযোগ্য যে যোৱা দুই জানুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই এক সংবাদমেলত মন্তী জয়ন্তমল্ল বৰুৱাই এই বুলি ঘোষমা কৰিছিল যে অহা ২৯ জানুৱাৰীত চৰকাৰে নেডফিৰ কাৰ্যালয় প্ৰাংগণত মেগা কেৰিয়াৰ কেউন্সেলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন অনুষ্ঠিত কৰিব। তাত ৩০ টাতকৈও অধিক সংস্থা তথা প্ৰতিষ্ঠানে যোগদান কৰিব । এনে ফেয়াৰৰ জৰিয়তে দক্ষতা সম্পন্ন যুৱক – যুৱতীক সংস্থাপনৰ বাবে যাৱতীয় কাম সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *