সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়াৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন মনীষ শিশোদিয়াৰ বিৰুদ্ধে

Share

নিউজ ডেস্ক, ২৩ জুলাইঃ   সুৰাৰ বিক্ৰিৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত ক্ৰটি হোৱা বুলি অভিযোগ উত্থাপন হৈছে দিল্লীৰ উপ-  মুখ্যমন্ত্ৰী শিশোদিয়াৰ বিৰুদ্ধে। দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই শুক্ৰবাৰে ২০২১-২২ চনত দিল্লীৰ আবকাৰী নীতি ( দিল্লী এক্সাইজ পলিচি ) নামৰ নতুন আবকাৰী নীতি সন্দৰ্ভত চি বি আইৰ তদন্তৰ বাবে অনুমোদন জনায়।

ছাক্সেনাৰ মতে, উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই কিছুমান নীতিৰ সাল-সলনী কৰিছিল। উপ-ৰাজ্যপালৰ অনুমোদন নোলোৱাকৈ অনুজ্ঞাপত্ৰ পোৱাসকলক উচিত নোহোৱা লাভ দিছিল। আবকাৰী বিভাগৰ দায়িত্বত থকা শিশোদিয়াই কভিড -১৯ মহামাৰীৰ সুযোগ বুজি টেণ্ডাৰ্ড লাইচেঞ্চ ফীৰ ১৪৪.৩৬ কোটি টকা লিকাৰ কাৰ্টেলক ৰেহাই দিবলৈ অনুমতি দিছিল। অভিযোগ কৰা হৈছে যে, আপে হয়তো সেই ধন পঞ্জাৱৰ নিৰ্বাচনৰ সময়ত ব্য়য় কৰিছিল। তদুপৰি আন-আন অভিযোগবোৰো শিশোদিয়াৰ বিৰুদ্ধে অনা হৈছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুক্ৰবাৰে দাবী কৰে যে, মনীষ শিশোদিয়াক ভুৱা গোচৰত চি বি আয়ে, অভিযুক্ত কৰিব আৰু কেইদিনমানৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব আৰু লগতে কয় যে, আম আদমী পাৰ্টিৰ নেতাসকলে কাৰাগাৰলৈ যাবলৈ ভয় নকৰে, তেওঁলোকে একো ভুল কৰা নাই। কেন্দ্ৰই তেওঁলোকক বাধা দিবলৈ মিছা গোচৰত সাঙুৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *