অযোধ্যাৰ ৰামমন্দিৰত প্ৰদৰ্শন মণিপুৰৰ ৰাসলীলা

Share

অযোধ্যাৰ ৰামমন্দিৰত প্ৰায় ৮০ গৰাকী মণিপুৰী নৃত্যশিল্পীৰ দ্বাৰা ৰামলালাৰ আগত হ’ল সংকীৰ্তন তথা ৰাসলীলা। এই কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। দেওবাৰে ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ ২২৬ সংখ্যক মৃত্যু বাৰ্ষিকীত আয়োজন কৰা হয় এই অনুষ্ঠান।

ৰাজৰ্ষী ভাগ্যচন্দ্ৰ সাংস্কৃতিক ন্যাসৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানৰ মুখ্য অতিথি লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে-“আজি ৰামলালা আৰু বজৰংৱলীৰ চৰণ স্পৰ্শ কৰি মই আমাৰ ৰাজ্য, আমাৰ সমাজ মণিপুৰ আৰু অসমত সুখ সমৃদ্ধিৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

উল্লেখনীয় যে, ১৭৮৫ চনত ৰজা ভাগ্যচন্দ্ৰৰ কাৰ্যকালত নাট সংকীৰ্তন আৰু ৰাসলীলা প্ৰতিষ্ঠা কৰিছিল। দেওঁবাৰৰ এই অনুষ্ঠানটো  ইম্ফলৰ জৱাহৰলাল নেহৰু নৃত্য একাডেমীৰ দ্বাৰা ৰাম মন্দিৰত আয়োজন কৰা হয় । 

Leave a Reply

Your email address will not be published. Required fields are marked *