দিল্লীৰ মুখাৰ্জী নগৰত আক্ৰমণৰ বলি মণিপুৰী লোক

Share

মণিপুৰৰ জুই এইবাৰ দিল্লীত। দিল্লীত অনুভূত হৈছে মণিপুৰৰ দাবানলৰ উওাপ। তাৰেই পৰিপেক্ষিতত শুকুৰবাৰে উওৰ-পশ্চিম দিল্লীৰ মুখাৰ্জী নগৰ চকীত মণিপুৰৰ লোকসকলে ধৰ্ণা দি অভিযোগ কৰে যে, তেওঁলোকক বিগত নিশা মণিপুৰৰ আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছিল।

উল্লেখযোগ্য যে, উওৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত বৰ্তমান উওাল পৰিৱেশৰ সৃষ্টি হৈ আছে।এই হিংসাত্মক সংঘৰ্ষত বহুতো লোক নিহত আৰু কেইবা শতাধিক লোক আহত হৈছে। দিল্লীৰ বিজয় নগৰত উক্ত সংঘৰ্ষত আক্ৰান্তসকলৰ সকলৰ বাবে এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাত মণিপুৰৰ সংঘৰ্ষ পীড়িতসকলৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল।

ভুক্তভোগীসকলে সদৰি কৰা মতে, হৈ যোৱা প্ৰাৰ্থনা সভাৰ সমাপ্তিৰ পিছত কেইগৰাকীমান যুৱতাক দুজন যুৱকে তেওঁলোকৰ ঘৰলৈ আগৱঢ়াই দিবলৈ গৈ আছিল। তেনে সময়তে এটা যুৱকৰ দলে তেওঁলোকৰ পথ অৱৰোধ কৰি পৰিচয় -পত্ৰ বিচাৰে । কিন্তু পৰিচয় -পত্ৰ নেদেখুৱাত তেওঁলোকক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।  ভুক্তভোগীৰ মতে, অভিযুক্তসকল আছিল মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ যুৱক। আক্ৰমণৰ সময়ত অভিযুক্ত যুৱক কেইজনে বাৰে বাৰে কৈ আছিল মণিপুৰত মেইটেইসকলৰ উপৰত যেনেদৰে আক্ৰমণ চলোৱা হৈছে তেনেধৰণৰ অত্যাচাৰ তেওঁলোকৰ উপৰত দিল্লীত চলাব। 

Leave a Reply

Your email address will not be published. Required fields are marked *