মণিপুৰৰ ভাইৰেল ভিডিঅ’ই লজ্জানত কৰিছে ১৪০ কোটি ভাৰতীয়কঃ প্ৰধানমন্ত্ৰী

Share

শেহতীয়াকৈ ভাইৰেল হোৱা মণিপুৰৰ  দুই কুকি সম্প্ৰদায়ৰ মহিলাক একাংশ দানৱকৰূপী  লোকে দলবদ্ধভাৱে ধৰ্ষণ কৰি উলংগ মহিলা দুগৰাকীকলৈ সমদল কৰা ভিডিঅ’টোৱে সমগ্ৰ দেশবাসীক হতবাস কৰি তুলিছে। মহিলা সুৰক্ষাৰ শ্ল’গান গোৱা দেশৰ শাসকীয় মন্ত্ৰালয়ে মণিপুৰৰ কাণ্ডত নিৰৱতা অৱলম্বন কৰাত উদ্বিগ্ন সমগ্ৰ দেশ। দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষক দমন কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। অৱশেষত সেই মৌনতা ভংগ কৰি সংবাদ মাধ্যমৰ সন্মুখত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰসংগত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকমুহুৰ্তত বৃহস্পতিবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাইৰেল হোৱা ভিডিঅ’টোৰ প্ৰসংগত বক্তব্য ৰাখে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, এই ঘটনাই সমগ্ৰ দেশক লজ্জানত কৰিছে ।মণিপুৰৰ মাতৃ-জীয়ৰীক যিসকলে অসন্মান কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ’ব। মহিলাৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ  প্ৰধানমন্ত্ৰীৰ ।

উল্লেখ্য যে, ৩ মে’ ত আৰম্ভ হোৱা মণিপুৰৰ সংঘৰ্ষ এতিয়াও সমাপ্ত হোৱা নাই। ২০০ ৰো অধিক লোকৰ মৃত্যু, ৫০ হাজাৰৰো অধিক লোক গৃহহীন হ’বলগা হৈছিল। এতিয়াও  হিংসাত্মক জুইৰে জ্বলিয়েই আছে মণিপুৰ। যাৰ বাবে সুদীৰ্ঘ দিন ধৰি নীৰৱতা অৱলম্বন কৰি অহা প্ৰধানমন্ত্ৰী মোডীক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ তথা ৰাজনৈতিক বিৰোধী দলসমুহে। গতিকে মণিপুৰৰ এনে পৰিস্থিতি  আৰম্ভ হোৱাৰ ৭৮ দিনৰ পাছত নৰেন্দ্ৰ মোডীয়ে মুখ খোলাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *