পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰতে ৰখা হল ৰাহুল গান্ধীৰ কনভয়

Share

পুনৰ উত্তপ্ত হিংসাজৰ্জৰ মণিপুৰ। মণিপুৰত ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতে পুনৰ সৃষ্টি হয় হিংসাত্মক ঘটনা।  ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰতে ৰখা হয় ৰাহুল গান্ধীৰ কনভয়। পূব ইম্ফলত বিদ্ৰোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোকৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কংগ্ৰেছ নেতা ৰাহুল গান্ধী মণিপুৰৰ ইম্ফলত উপস্থিত হোৱাৰ কিছু সময় আগত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয় যাৰবাবে জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীৰ কনভয় ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত বিষ্ণুপুৰতে ৰখাই দিয়া হয়। তাৰ পিছতে কংগ্ৰেছ নেতাজন এই হিংসাৰ কেন্দ্ৰ স্থল চুৰাচান্দপুৰলৈ বুলি ৰাওনা হয়। 

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৩ মে’ ৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক কাৰ্যকলাপ। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত সংঘৰ্ষৰ ফলত এই পৰ্যন্ত অতি কমেও ১১৫ গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে আৰু ৬০,০০০ লোক বাসগৃহৰ পৰা আতৰি থাকিব লগা হৈছে। আনকি ৫০,০০০ লোক এতিয়াও ৰাজ্যখনৰ ৩০০ তকৈও অধিক সাহায্য শিবিৰত আছে। কিন্তু বিদ্ৰোহৰ ইমানদিন পিছতো শান্তি ঘুৰি অহা নাই মণিপুৰলৈ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও শাম কটা নাই পৰিস্থিতিৰ।  

Leave a Reply

Your email address will not be published. Required fields are marked *