কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সভাৰ পাছত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ

Share

মণিপুৰৰ জিৰিবাম জিলাত পুনৰ সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ। শনিবাৰে পুৱা ৫ বজাত বৰোবেকাৰা অঞ্চনৰ এখন গাঁৱত গুলীচালনা কৰে উগ্ৰপন্থীয়ে। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি গাঁওখনত বোমাও নিক্ষেপ কৰিছে উগ্ৰপন্থীয়ে।

ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল গৈ উপস্থিত হোৱাৰ পাছতেই গুলীয়াগুলী হয় নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত। এই পৰ্যন্ত কোনো লোক আহত হোৱাৰ তথ্য পোৱা নাই। ইতিমধ্য অঞ্চলটোৰ বৃদ্ধ, মহিলা আৰু শিশুক নিৰাপদ স্থানলৈ লৈ স্থানান্তৰ হৈছে।

আৰক্ষীয়ে জনোৱা মতে, জিৰিবাম টাউনৰ পৰা ৩০ কিলোমিটাৰ দূৰৈত বৰোবেকাৰা অঞ্চল অৱস্থিত। ঘন বনাঞ্চল আৰু পাহাৰেৰে আৱৰা অঞ্চলটোত ইয়াৰ পূৰ্বেও গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে আহিছে। ১৮ অক্টোবৰত উগ্ৰপন্থীয়ে জিৰিবামৰ কলিনগৰ হামাৰ ভেং অঞ্চলৰ এখন বিদ্যালয়ত অগ্নিসংযোগ কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন, মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে ১৫ অক্টোবৰত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আমন্ত্রণ মৰ্মে মেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ ২০ জন বিধায়ক দিল্লীত উপস্থিত হৈছিল ৷ আলোচনা বৈঠকৰ ৪ দিনৰ পাছত আজি পুনৰ জিৰিবামত হিংসাত্মক ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *