২৬ টা বছৰ জংঘলৰ গাতঁত নিজক আত্মগোপন কৰি ৰখা ব্যক্তিজনৰ মৃত্যু

Share
গুৱাহাটী,৩১ আগষ্টঃব্ৰাজিলৰ বিশ্ববিখ্যাত বৰ্ষাৰণ্যত ২৬টা বছৰ গাঁত খান্দি আত্মগোপন কৰি জীৱন নিৰ্বাহ কৰিছিল মেন অৱ হোল নামৰ ব্যক্তিজনে ৷ ২৬টা বছৰ গাতঁ খান্দি থকা বাবে ব্যক্তিজনৰ নামাকৰণ মেন অৱ হোল নামেৰে কৰা হৈছিল৷
    উল্লেখ্য যে, ৭০ৰ দশকত ব্ৰাজিলৰ এটা জনগোষ্ঠীয়ে তেওঁৰ পৰিয়ালৰ সমূহ সদস্যক কৃষিজমিৰ বাবে হত্যা কৰিছিল৷ আমাজনৰ জনজাতীয় পৰিয়ালটোৰ একমাত্ৰ জীৱিত অৱস্থাত থকা ব্যক্তিজনে তেতিয়াৰ পৰাই আমাজনৰ ঘন জংঘলত আত্মগোপনে আছিল।
     মেন অৱ হোলৰ বিষয়ে ১৯৯৬ চনত প্ৰথম তথ্য লাভ কৰা যায়। জীৱশ্ৰেষ্ঠৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকি ভাল পোৱা এইগৰাকী ব্যক্তিৰ মৃতদেহ ২৩ আগষ্টত উদ্ধাৰিত হৈছিল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ ৪০ দিন পূৰ্বেই অৰ্থাৎ ১৪ জুলাইত পৃথিৱীৰ আটাইতকৈ নিসংগ ব্যক্তি হিচাপে জনাজাত এই ব্যক্তিজনৰ দেহাৱসান ঘটিছিল।
    তদুপৰি সৰ্বপ্ৰথম অৱস্থাত জুপুৰী ঘৰ সাঁজি তেওঁ বাস কৰিছিল যদিও পিছলৈ গাঁতৰ ভিতৰতে বাস কৰিছিল। খাদ্যৰ বাবে তেওঁ চিকাৰ কৰিছিল
বনৰীয়া গাহৰি লগতে চিকাৰ কৰিবৰ বাবে তেওঁ ৫০টাতকৈ অধিক জুপুৰী সাঁজিছিল আৰু সেই জুপুৰীবোৰৰ তলভাগত ১০ ফুট দ গাঁত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *