মমতা বেনাৰ্জীৰ ঘোষণা ১৯ ডিচেম্বৰৰ বৈঠকৰ পূৰ্বে

Share

মধ্য় প্ৰদেশ ,ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভাৰ সদ্য় অনুষ্ঠিত নিৰ্বাচননত বিৰোধীৰ অভাৱনীয় পৰাজয়ৰ পিছত ইণ্ডিয়া মৰ্চাৰ নেতৃত্ব কোনে ল’ব তাক লৈ নতুনকৈ পৰিকল্পনা কৰা হৈছে । যিহেতু দল হিচাপে বিৰোধী দল কংগ্ৰেছেই ইণ্ডিয়া মৰ্চাৰ নেতৃত্ব দি আহিছে সেয়েহে অন্য়ান্য় দলসমূহৰ মাজত কংগ্ৰেছক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে । নীতিশ কুমাৰৰ সংযুক্ত জনতা দলে নীতিশ কুমাৰক মৰ্চাৰ নেতৃত্ব প্ৰদান কৰিবলৈ জনোৱাৰ পিছতেই বংগৰ মুখ্য়মন্তী মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে – ইণ্ডিয়া মৰ্চাক ময়েই নেতৃত্ব দিম । ‘ আজি বাংলাই যি ভাবে , দেশে ভাবে কাইলৈ’ । তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকীয়ে  শিলগুৰিত এক চৰকাৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্পষ্টভাবে ঘোষনা কৰে যে – ‘ আমাৰ বাংলাই সকলো ক্ষেত্ৰতে দেশক নেতৃত্ব দিব আৰু আমি সকলোকে সমান মৰ্যদা দিম । সকলোৰে বাবে কাম কৰিম । ‘


ইণ্ডিয়া মৰ্চাৰ নেতৃত্বক লৈ প্ৰকাশ কৰা মন্তব্য়ৰ পৰা ষ্পষ্টভাবে জানিব পৰা গৈছে যে ইণ্ডিয়া মৰ্চাত কংগ্ৰেছৰ প্ৰভুত্ব কোনোপধ্য়ে সহ্য় কৰা নাযাব শিলগুৰিৰ কা়ঞ্চনজংঘা ষ্টেডিয়ামত ৰাজহুৱাভাবে এই ঘোষনা কৰা হৈছে। ১৯ ডিচেম্বৰত ইণ্ডিয়া মৰ্চাৰ ১৭ দলৰ প্ৰতিনিধি মিলিত হ’ব দিল্লীৰ কনষ্টিটিউচন হলত। স্বয়ং মমতা বেনাৰ্জীয়ে ভাগ ল’ব  এই বৈঠকত । বিশেষকৈ এই বৈঠকত লোকসভা নিৰ্বাচনত প্ৰতিন্দ্বিতাৰ বাবে আসনৰ ভাগ  বাটোৱাৰাৰ বাবেও আলাচনা  হোৱাৰ সম্ভাবনা আছে । ইয়াৰ ইপৰি তিনি ৰাজ্য় ক্ৰমে ৰাজস্থান , মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পিছত নৈতিকভাবে দুৰ্বল হৈ আছে দলটো।  এনে পৰিস্তিতিত মমতা বেনাৰ্জী  বা বিহাৰৰ মুখ্য়মন্ত্ৰী  নীতিশ কুমাৰৰ ৰাজনৈতিক গুৰুত্ব ইণ্ডিয়া মৰ্চাত বৃদ্ধি পোৱাৰ সম্ভাবনা প্ৰবল হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *