ডিজিটেল ডেস্ক, ২৬ মাৰ্চঃ ঔষধৰ নামত ৰমৰমীয়া বেহা। দীৰ্ঘদিন ধৰি নকল ঔষধৰ নামত বজালী, ফিঙুৱা, কয়াকুছি আদি বিভিন্ন স্থানত একাংশ ফাৰ্মাচীত বিক্ৰী হৈ আছিল নকল দৰব ।তেনে খবৰ লাভ কৰিয়ে শুকুৰবাৰে দুপৰীয়াৰ পৰা নিশালৈ বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক আৰু দিল্লীৰ পৰা অনুসন্ধান নামৰ সংস্থা এটাৰ বিষয়া প্ৰশান্ত কুমাৰ নামৰ Intaluctual Property Rights ৰ বিষয়া গৰাকীৰ নেতৃত্বত কেইবাখনো ফাৰ্মাচীত তেনে নকল ঔষধ বিচাৰি অভিযান চলোৱা হয়।অভিযানত পাঠশালাৰ এখন, ফিংগুৱাত এখন আৰু কয়াকুছিত হাবিয়া নামৰ এখন ফাৰ্মাচীৰ পৰা udilive 300 ৰ নকল ঔষধ উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেইবাবিধো নকল ঔষধ।
তদুপৰি কয়াকুছিত অবৈধ ঔষধৰ গুডাম এটাত অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিশা বৰপেটা জিলা ঔষধ পৰিদৰ্শক আৰু দিল্লীৰ পৰা অহা অনুসন্ধান সংস্থাৰ পৰা অহা বিষয়াগৰাকীয়ে বিভাগীয় ভাৱে এক বিশেষ ব্যবস্থা গ্ৰহণ কৰে।