মহিলা অভিৱৰ্তন গুৱাহাটীত তৃণমৃল কংগ্ৰেছ

Share

গুৱাহাটীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ উদ্য়োগত মহিলা অভিৱৰ্তন আৰু বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত সৰ্বভাৰতীয় তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়নী ঘোষ মুখ্য় অতিথিৰূপে উপস্থিত থাকে । এই অনুষ্ঠানৰ মূল উদ্দেশ্য় হৈছে অসমত প্ৰত্য়েক গৰাকী মহিলাক ৰাজনৈতিক আৰু সামাজিকভাবে আগবঢ়াই নিয়া আৰু গণতন্ত্ৰত সমান অধিকাৰক প্ৰদান কৰা । অনুষ্ঠানৰ  আৰম্ভণতে বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতক কাৰ্যসূচীৰে সায়নী ঘোষক আদৰি অনা হয় ।

এই অনুষ্ঠানটিত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্য়িক আৰু জিলা পৰ্যায়ৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। উক্ত অনুষ্ঠানত সভানেত্ৰী সায়নী ঘোষে প্ৰত্য়েকগৰাকী মহিলাক দেশৰ গণতন্ত্ৰত তেঁওলোকৰ অৱদান আৰু ৰাজনীতিত যে মহিলাৰ প্ৰয়োজন আছে সেই সন্দৰ্ভত আলোকপাত কৰে । ইয়াৰ উপৰি বিজেপি চৰকাৰ আৰু তেঁওলোকৰ সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধেও নেত্ৰীগৰাকীক সমালোচনা কৰা দেখা গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *