ঝাৰখণ্ডৰ আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনাযক মহেন্দ্ৰ সিং ধোনিক ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া কে. ৰবী কুমাৰে কয় “ প্ৰাক্তন ভাৰতীয় ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিক আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে লগতে ধোনীৰ ফটো নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰিবলৈ মান্তি হয়”।ধোনীয়ে ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে জনসাধাৰনক দৃষ্টি আকৰ্ষন কৰাৰ লগতে এইবেলিৰ নিৰ্বাচনত ভোট দানৰ হাৰ বৃদ্ধি হব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যখনৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে । উল্লেখ্য যে এক সমীক্ষাত পোহৰলৈ আহে যে ধোনীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিলে ব্ৰেণ্ডৰ বিক্ৰিৰ লগতে ব্ৰেণ্ডৰ মুল্য বৃদ্ধি হয়। ধোনীৰ বিশ্বব্যাপি থকা জনপ্ৰিয়তাই জনসাধাৰনক আকৃষ্ট কৰিবলৈ সক্ষম হয়।ইফালে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তিৰ পিছতে ক্ৰমে ব্যাপক উংসাহী হৈ পৰিছে কেপ্তইন কুল।বিশেষকৈ নৱপ্ৰজন্মক ভোট দানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই সিদ্ধান্ত নিৰ্বাচনী আয়োগৰ।