মহাৰাষ্ট্ৰ আৰক্ষীয়ে উদঙাই দিলে ড্ৰাগছ ব্যৱসায়ৰ এক বৃহ९ গোচৰ

Share
মহাৰাষ্ট্ৰ আৰক্ষীয়ে উদঙাই দিলে ড্ৰাগছ ব্যৱসায়ৰ এক বৃহ९ গোচৰ।ৰায়গড় জিলাৰ খোপোলিত ‘আঞ্চল কেমিকেল’ নামৰ ঔষধ কোম্পানীটোত আৰক্ষীয়ে অভিযান চলাই ১০৭কোটি টকাৰ এম ডি ড্ৰাগছ জব্দ কৰে।এই গোচৰত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষীয়ে জেৰা কৰাৰ সময়ত তেওঁ ড্ৰাগছ লুকুৱাই ৰখা আন বহু ঠাইৰ ঠিকনা প্ৰকাশ কৰে।সেই গুদামত আৰক্ষীয়ে অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ২১৮কোটি টকাৰ ১৭৪ কেজি এম ডি ড্ৰাগছ জব্দ কৰে।দুয়োটা অভিযানতে ৩২৫কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।ৰায়গড় আৰক্ষীৰ তথ্য অনুসৰি, কিছুদিন পূৰ্বে ৰায়গড় জিলাৰ খোপোলিত আঞ্চল কেমিকেল’ নামৰ ঔষধ কোম্পানী এটাত অভিযান চলাইছিল।ইতিমধ্যে এই গোচৰৰ ভিত্তিত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী কমল জয়ছোৱানী, মতীন শইখ আৰু এণ্টনি কুৰুকুটিকাৰণক গ্ৰেপ্তাৰ কৰা হৈছে।

          ৰাইগড় আৰক্ষীৰ বিষয়াৰ মতে,গুদামত পোৱা ড্ৰাগছ বিগত দুমাহ ধৰি লুকুৱাই ৰখাৰ তথ্য পোহৰলৈ আহিছে।এতিয়া প্ৰশ্ন হয়, অভিযুক্তই কোন দেশলৈ কিমান চালান ড্ৰাগছ যোগান ধৰিছে আৰু ক’ত ড্ৰাগছ লুকুৱাই ৰাখিছে? সেই বিষয়ে জানিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *