বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ আৰম্ভ হ’ব বিলাসী জাহাজ ‘এমভি গংগা বিলাস’

Share

অহা ১৩ জানুৱাৰী পৰা আৰম্ভ হব বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ এক দীঘলীয়া নদী যাত্ৰা । গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ নদী যাত্ৰা আৰম্ভ কৰিব বিলাসী জাহাজ ‘এমভি গংগা বিলাস’ এ । উত্তৰ প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ১৩ জানুৱাৰীত বাৰাণসীত ফ্লেগ অফ কৰিব ‘এমভি গংগা বিলাস’ৰ , এই জাহাজখনে মুঠ ৩,২০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু এই সময়ছোৱাত জাহাজখনে ভাৰত আৰু বাংলাদেশৰ পাচঁখন ৰাজ্যৰ ২৭ টা নদীৰ মাজেৰে যাত্ৰা কৰিব । এই জাহাজখনত ১৮ টা ছুটৰ সৈতে ৮০ জন যাত্ৰীৰ ক্ষমতা থাকিব।

এই এমভি গংগা বিলাস  নামৰ জাহাজখনৰ দৈৰ্ঘ্য ৬২ মিটাৰ আৰু প্ৰস্থ ১২ মিটাৰ । বিলাসী জাহাজখনৰ জৰিয়তে যাত্ৰীসকলে দেশৰ ভিন্ন প্ৰান্তৰ ঐতিয্য ক্ষেত্ৰসমুহ পৰিদৰ্শন কৰিব পাৰিব । ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যান, নদীঘাট ইত্যাদিৰ লগতে ধাকা আৰু গুৱাহাটীকে ধৰি কেইবাখনো বৃহত চহৰ, পৰ্যটনস্থলী ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰিব যাত্ৰীসকলে।   

উল্লেখ্য যে, কেন্দ্ৰীয় পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই নদী যাত্ৰাৰ জৰিয়তে নদী পৰ্যটনৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হব। লগতে দেশৰ নদী পৰ্যটনৰ দুৱাৰ মুকলি কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ। 

Leave a Reply

Your email address will not be published. Required fields are marked *