গুৱাহাটী,৬ জুলাইঃ সাধাৰণ জনতাৰ ওপৰত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ মাধমাৰ। কেইদিনমান পূৰ্বে বাণিজ্য়িক চিলিণ্ডাৰৰ মূল্য় হ্ৰাস পোৱাৰ পিছত এইবাৰ পুনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য় বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। খবৰ অনুসৰি বুধবাৰৰ পুৱাৰে পৰা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য় ৫০ টকাকৈ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।ৰাজ সাহায্য়বিহীন প্ৰতিটো ১৪.২ কিলো ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য় ১০০৩ টকাৰ পৰা ১০৫৩ টকালৈ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।একেদৰে অসমতো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য় ৯৮১ টকাৰ পৰা ১০৩১ টকালৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
একেদৰে কলিকতা,মুম্বাই,চেন্নাই আদিৰ দৰে আন আন বহু ঠাইতো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য় বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। অসমত এতিয়াৰে পৰা গ্ৰাহকসকলে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য় ৯৮১ টকাৰ বিপৰীতে ১০৩১ টকা পৰিশোধ কৰিব লাগিব।