বন্দনা হাজৰিকা , অক্টোবৰ৬ঃ উতসৱৰ বতৰত পুনৰ গ্ৰাহকক মাধমাৰ শোধালে মোডী চৰকাৰে ।আজিৰ পৰা পুনৰ বৃদ্ধি পালে ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ।আজিৰ পৰা দেশৰ বিভিন্ন চহৰত মূল্য বৃদ্ধি হৈছে ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ মূল্য ।দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক মহানগৰী মুম্বাইত পূৰ্বৰ ৮৮৪.৫০ টকাৰ বিপৰীতে চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকালৈ বৃদ্ধি হৈছে।পাটনাত ৯৯৮ টকালৈ এটা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। কলকাতাত এল পি জি চিলিণ্ডাৰৰ মূল্য ৯২৬ টকালৈ আনহাতে চেন্নাইত ৯১৫.৫০ টকালৈ বৃদ্ধি হৈছে।