নামনি সোৱণশিৰি প্ৰকল্পত বিদ্যুত উ९পাদন

Share

অসমৰ নদীবান্ধ বিশেষজ্ঞ, দল-সংগঠন, ব্যক্তিবিশেষৰ সন্দেহক সত্যত পৰিণত কৰি নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বিজুলী উ९পাদনৰ ক্ষেত্ৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জটিলতা। প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঠুনুকা পাহাৰত ভূমিস্খলনৰ সৃষ্টি হোৱাত নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে সঘনে সলনি কৰিবলগীয়া হৈছে বিজুলী উ९পাদনৰ সময়সীমা।পৰিস্থিতি এনে পৰ্যায়ৰ ৰূপ লৈছে যে এন এইচ পি চিয়ে আগত বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰকল্পটোত বিদ্যুত উ९পাদন কৰিব পৰা যাব বুলি ঘোষণা কৰিছিল যদিও সেয়াও আজি নস্যা९ হ’ল ৰাজকুমাৰ সিঙৰ ভাষ্যত। সংবাদমেলৰ আগত কেন্দ্ৰীয় শক্তি, নব্য আৰু নৱীকৰণ শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে মন্তব্য কৰে যে অহা ছমাহৰ ভিতৰত নামনি সোৱণশিৰি প্ৰকল্পৰ বিজুলী উ९পাদনৰ কাম আৰম্ভ হ’ব। তেওঁৰ ভাষ্যত- ‘হিমালয়ান শ্ৰেণীৰ অৰুণাচল প্ৰদেশৰ পাহাৰত নিৰ্মাণকাৰ্য চলি থকা নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন হোৱাটো স্বাভাৱিক ভূমিস্খলন ৰোধৰ বাবে পাহাৰখন ৰিটেইনিং ৱাল নিৰ্মাণেৰে সুৰক্ষিত কৰা হ’ব আৰু অহা ছমাহৰ ভিতৰত বিজুলী উ९পাদনৰ কাম আৰম্ভ হ’ব।’

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে বান্ধৰ নামনিৰ ত্ৰিশ কিলোমিটাৰ পৰ্যন্ত মথাউৰি সুৰক্ষাৰ বাবে ৪৭০ কোটি টকা আবন্টন দিয়াৰ কথা অৱগত কৰে। কেন্দ্ৰীয় চৰকাৰ তথা এন এইচ পি চিয়ে ২০২৪ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহতে বিদ্যুত উ९পাদনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও প্ৰকল্পস্থলীত উপৰ্যুপৰি হোৱা ভূমিস্খলনৰ ফলত নিৰ্মাণকাৰ্য স্থবিৰ হৈ পৰাত নিৰ্ধাৰিত লক্ষ্য পিচুৱাই গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *