লাভলীনাৰ সোণৰ পদক জয় এছিয়ান বক্সিং চেম্পিয়নশ্বিপত

Share

 ২০২২ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰদৰ্শনৰে অসম তথা দেশলৈ সুখবৰ কঢ়িয়াই আনিছে লাভলীনা বৰগোঁহাইয়ে । জৰ্ডানৰ আমানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলা বক্সিংৰ ৭৫ কেজি শাখাত উজবেকিস্তানৰ ৰুছমেটোভা ছমিবাক ৫-০ ব্য়ৱধানত পৰাস্ত কৰি শুকুৰবাৰে, ১১ নবেম্বৰত সোণৰ পদক অৰ্জন কৰে লাভলীনা বৰগোঁহায়ে । তেওঁৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ৰাজ্য়বাসীৰ লগতে সমগ্ৰ দেশবাসী।

ইয়াৰ আগেয়ে অৰ্থাৎ এই বছৰৰ আৰম্ভণিতে বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছৰ পৰা আগতীয়াকৈ বাহিৰ হৈছিল লাভলীনা । অনাগত পেৰিছ অলিম্পিকত নিজৰ পূৰ্বৰ ওজন শাখা অন্তৰ্ভুক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ৬৯ কেজি ওজনৰ পৰা ৭৫ কেজিলৈ সলনি কৰে ।   

   

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *