ট’কিঅ অলিম্পিকত হব লগা প্ৰি-কোৱাৰ্টাৰ মেচৰ বাবে সাজু অসম কন্যা লাভলীনা

Share

বনিতা বড়ো
কভিডৰ উদ্ৱেগজনক পৰিবেশক নেউচি আজিৰে পৰা আৰম হৈছে বিশ্ৱ ক্ৰীয়া মহোৎসব ট’কিঅ অলিম্পিক । অলিম্পিকত দেশক প্ৰতিনিধিত্ত কৰিব অসম কন্যা লাভলীনা বৰগোহাঁয়ে । এতিয়া লাভলীনাক লৈ সমগ্ৰ বিশ্ৱত পাৰভঙা উছাহ – উদ্দীপনা আৰু অভুতপূৰ্ব উৎকণ্ঠা । অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা একমাত্ৰ অসম কন্যা লাভলীনাৰ সফলতা তথা মনোবল বৃদ্ধিৰ বাবে সমগ্ৰ ৰাজ্যত অব্যাহত আছে পূজা-অৰ্চনা । মুখ্যমন্ত্রী হিমন্ত বিশ্ৱ শৰ্মাও কেইবাগৰাকী সতীৰ্থ মন্ত্রীৰ সৈতে চাইকেল ৰেলীত অ‍ন্শ লয় । ৰাজ্যবাসীৰ পাৰ-ভঙা উচাহ-উদ্দীপনাৰ মাজতে লাভলীনাই ট’কিঅৰ বক্সিং ৰিঙত নমাৰ পূৰ্ৱেই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নিত হয় আৰু ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই লৈ আনে । আজি পুৱা ৮ বজাত উদীয়মান বক্সাৰগৰাকীয়ে প্ৰথম ৰাউন্ডত অৱতীৰ্ন হোৱাৰ কথা আছিল যদিও তেওঁৰ প্ৰতিদ্বন্দ্বীতাগৰাকীয়ে নাম প্ৰত্যাহাৰ কৰে । যাৰ ফলত লাভলীনাই ‘বাই’ লাভ কৰি ট’কিঅ অলিম্পিকৰ প্ৰথমখন ডেউনা অতিক্ৰম কৰিবলৈ সক্ষম হয় । ২৭ জুলাইত বক্সাৰ গৰাকীয়ে ৰিঙত নামিব । প্ৰি-কোৱাৰ্টাৰত তেওঁৰ প্ৰতিদ্বন্দ্বী হব জাপানৰ নাডিন এপ্ৰেজ । তাৰবাবে লাভলীনাই সাজু হৈ উঠিছে । অসম কন্যাই সগৌৰৱেৰে কঢ়িয়াই আনক অলিম্পিক পদক । ২০১৮ আৰু ২০১৯ ৰ বিশ্ৱ বক্সিং চেম্পিয়নশ্ৱীপত ব্ৰন্জৰ পদৰ জয়েৰে গৌৰৱ কঢ়িয়াই অনা পৰৱৰ্তী দুখন মেচত জয় সাব্যস্ত কৰিব পাৰিলেই অলিম্পিকত অসমৰ প্ৰথম গৰাকী পদক প্ৰাপ্ত খেলুৱৈ হিচাপে নিযুক্তি হব । পূ্ৰ্ৱতে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । অসম কন্যা তথা উদীয়মান বক্সাৰ গৰাকীয়ে ব্যৰ্থতাৰ ইতিহাস সলনি কৰি পদক লাভ কৰি বিজয় ধ্ৱজেৰে অসমবাসীক গৌৰৱান্ৱিত কৰি তুলিব বুলি সমগ্ৰ ৰাজ্যবাসী আশাবাদী । ট’কিঅত লাভলীনাই ৰচনা কৰক এক ইতিহাস – এয়াই আশা ৰাজ্যৰ প্ৰতিগৰাকী ক্ৰীড়ানুৰাগীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *