সোমবাৰে মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত ষষ্ঠ এলিট মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ দুই সন্তানে ক্ৰমে সোণৰ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি শাখাৰ ফাইনেলত ছাৰ্ভিচেছ স্পৰ্টছ কন্ট্ৰল বৰ্ডৰ (এছ এছ চি বি) অৰুন্ধতী চৌধুৰীক পৰাস্ত কৰি শ্ৰেষ্ঠতা অৰ্জন কৰে। এচিয়ান ব্ৰঞ্জ পদক বিজয়ী অংকুশিতা বড়োৱে ২৫ ডিচেম্বৰত মহিলা বক্সিং ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৬৬ কিলগ্ৰাম ওজন শাখাৰ ফাইনেল প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ৰাজ্যত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বক্সিং ফেডাৰেচন অৱ ইন্ডিয়াৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ উপস্থিতিত খেলুৱৈসকলে পদক লাভ কৰে।