“পত্নী বিচাৰি আছোঁ মই” সামাজিক মাধ্যমত এগৰাকী মন্ত্ৰীৰ ভাইৰেল টুইট ; Shaadi . Com য়ে ক’লে ‘আমি কৰি দিওঁ সহায়’

Share

এগৰাকী চৰ্চিত মন্ত্ৰী ।সামাজিক মাধ্যমত তেওঁৰ ব্যাপক চৰ্চা । পিছে কিয় চৰ্চা এইগৰাকী মন্ত্ৰী ।মন্ত্ৰীগৰাকী নাগালেণ্ডৰ । নাম তেওঁৰ টেমজেন ইমনা । পিছে  তেওঁৰ  বিবাহক লৈ বৰ্তমান খুবেই এক চৰ্চিত বিষয় হৈ পৰিছে  সামাজিক মাধ্যমত । নাগালেণ্ডৰ টেমজেন ইমনা নামৰ মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিবাহ সম্পৰ্কে এটা আকৰ্ষণীয় কথা কৈছিল । প্ৰথমতে তেওঁ কৈছিল যে তেওঁ অবিবাহিত ।কিন্তু পাছত তেওঁ  ক’লে তেওঁ  এগৰাকী পত্নীৰ সন্ধানত আছে । নাগালেণ্ডৰ এইগৰাকী  মন্ত্ৰী  এতিয়া সমগ্ৰ দেশতে আলোচনাৰ বিষয় হৈ পৰিছে । কিয়নো যিদৰে তেওঁ  নিজৰ সৰু চকুৰ ওপৰত সঠিক উত্তৰ দিছিল আৰু তাৰ পাছতে জনসংখ্যা নিয়ন্ত্ৰণ ৰক্ষাৰ বাবে এক উচিত সমাধানৰ পৰামৰ্শ দিছিল । তেনেকৈয়ে মানুহবোৰ তেওঁৰ এনে কথা অথবা উত্তৰৰ জৰিয়তে অনুৰাগী হৈ পৰিছিল ।

পিছে এতিয়া টেমজেন ইমনাৰ আন এটা টুইট দ্ৰুতগতিত ভাইৰেল হ’বলৈ লৈছে । দৰাচলতে , যেতিয়াৰে পৰা টেমজেন সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে , তেতিয়াৰে পৰা মানুহে তেওঁৰ বিষয়ে সকলো জানিব বিচাৰে যে টেমজেন বিবাহিত হয় নে নহয় ? তেওঁৰ পত্নী কোন ? ইত্যাদি । যেতিয়া এই বিষয়টোক লৈ  গুগুলৰ চৰ্চাৰ ওপৰত টেমজেনৰ লক্ষ্য পৰিল তেতিয়া তেওঁ আন এটা ধেমেলীয়া টুইট কৰি লিখিছিল যে – আয়ালী… গুগুলে টো মোক সুখী কৰি দিলে ।মইটো এতিয়াও বিচাৰি আছোঁ । পিছে এতিয়া টেমজেনে এনেদৰে লিখাৰ পাছতে shaadi .com  ৰ অনুপম মিত্তল সক্ৰিয় হৈ পৰে । আৰু তেওঁ  টুইট কৰি তেওঁক সহায় কৰাৰ কথা ক’লে । তেওঁ কৈছে যে – ‘কিবা এটা কৰিব লাগিব’ । তেওঁৰ এই টুইটৰ লগতে তেওঁ তেওঁৰ ছাইট  shaadi.com কো টেগ কৰিলে । যেতিয়াই টেমজেনে এই বিষয়টো লক্ষ্য কৰিলে ।আকৌ তেওঁ পুনৰবাৰ তেওঁৰ হাস্যমধুৰ উত্তৰেৰে সকলোকে হাঁহিবলৈ বাধ্য কৰালে ।

Leave a Reply

Your email address will not be published. Required fields are marked *