বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ ২০২৩ৰ চতুৰ্থ সংস্কৰণৰ ল’গ’ আৰু প্ৰতীকী অষ্টলক্ষ্মী মুকলি কৰে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিক, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জামিল হিলালীৰ লগতে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ক্ৰীড়া সংগঠক, খেলুৱৈসকলৰ লগতে কেইবাজনো মন্ত্ৰী।
অষ্টলক্ষ্মী হৈছে মহানুভৱতা আৰু প্ৰতীকবাদৰ মূৰ্ত ৰূপ।এই অষ্টলক্ষ্মীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু প্ৰকৃতিক প্ৰতিনিধিত্ব কৰে।ভাৰতৰ ভিন্ন সাংস্কৃতিক আৰ্হি, ভিন্ন ৰং, উত্তৰ-পূব ভাৰতৰ বিবিধ সৌন্দৰ্য সম্বলিত এক মনোমোহা চিত্ৰ প্ৰতিফলিত হৈছে প্ৰতীকীস্বৰূপ এই সুন্দৰ পখিলাটোত।
উল্লেখযোগ্য যে এইবাৰ অসমত আয়োজন কৰা খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ ২০২৩-ত মুঠ ১৬ টা শাখাত অনুষ্ঠিত হ’ব। এই ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন,হকী, ফেন্সিং, কাবাডী আদিকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।এই খেল মহাৰণত ৬ লাখতকৈও অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে।