পুনৰ ক্ৰিকেট গ্ৰাউণ্ডত দেখা পাব কিংবদন্তি ক্ৰিকেটাৰ  শচীন টেণ্ডুলকাৰক

Share

নিউজ ডেস্কঃ অহা ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰেড ছেফটি ৱৰ্ল্ড ছিৰিজৰ দ্বিতীয় সংস্কৰণ। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ইন্দোৰ,  ডেৰাডুন,  কানপুৰ আৰু ৰায়পুৰত। এই  প্ৰতিযোগিতাখন ১০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ আৰম্ভণি হ’ব কানপুৰত আৰু ফাইনেল আৰু ছেমিফাইনেল হ’ব ৰায়পুৰত। উল্লেখ্য যে, ৰেড ছেফটি ৱৰ্ল্ড ছিৰিজৰ সংস্কৰণত নেতৃত্ব দিব চেম্পিয়ন লিজেণ্ডাৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে। পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই খেলখন অনুষ্ঠিত কৰা হ’ব।

এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে , ” ক্ৰিকেটৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজ এক উত্তম পদক্ষেপ। আমি বিচাৰো যে এই দেশৰ প্ৰতিজন ব্যক্তিয়ে বাটত থকাৰ সময়ত প্ৰতিটো নিয়ম-নীতিৰ প্ৰতি সচেতন হওঁক আৰু মানি চলক আৰু সেইটো হ’বলৈ হ’লে আমি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে এই ক্ৰিকেট প্ৰতিযোগিতাই মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হ’ব।” 

Leave a Reply

Your email address will not be published. Required fields are marked *