প্ৰথমবাৰৰ বাবে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ভাৰত গৌৰৱ তথা অসম কন্যা লাভলীনা বৰগোহাঁই। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিলে লাভলীনা বৰগোহাঁয়ে। লাভলীনাই ৭৫ কেজি শাখাত অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দ্বী কেটলীন পাৰ্কাৰক ৫-২ ব্যৱধানত পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
লাভলীনাই ২০১৮ আৰু ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক লাভ কৰিছিল । এইবাৰ ২০২৩ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীকো গৌৰৱান্বিত কৰে।
লাভলীনাৰ বিজয়ৰ লগে লগে বিশ্ব চেম্পিয়নশ্বিপত ভাৰতে লাভ কৰিলে চতুৰ্থটো স্বৰ্ণ পদক। আৰু পোনপ্ৰথমবাৰৰ বাবে অসমে লাভ কৰিলে এগৰাকী বিশ্ব চেম্পিয়ন বক্সাৰ।