আজিৰ পৰা সামৰণি পৰিল মিছন বসুন্ধৰা-২ৰ। এই অনুষ্ঠানতে কলাক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে মিছন বসুন্ধৰা ৩ৰ।২০২২ চনৰ ২৪নৱেম্বৰত আৰম্ভ কৰা মিছম বসুন্ধৰা ২ৰ লক্ষ্য আছিল খিলজীয়া লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা।মিছন বসুন্ধৰা ২য়ে খিলঞ্জীয়া লোকসকলৰ মাজত এক আশাৰ সঞ্চাৰ আনিছে।১৩ লাখ লোকে দ্বিতীয় পৰ্যায়ত আবেদন কৰিছিল।২৩ ফেব্ৰুৱাৰীৰ পৰা জিলাই জিলাই বসুন্ধৰা ২ৰ পট্টা বিতৰণৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।পট্টা বিতৰণ কৰিব চৰকাৰে।এই অনুষ্ঠানত লগতে উপস্থিত থাকে সকলো জিলাৰ আয়ুক্ত।লগতে মুখ্যমন্ত্ৰীয়ে সদৰী কয় যে এতিয়াৰ পৰা মাটি কিনা-বেচাৰ ক্ষেত্ৰত প্ৰয়োজন নহব NOC(অনাপত্তি প্ৰমাণপত্ৰ)ৰ ,মণ্ডল,চক্ৰ বিষয়াই লিখি দিয়া তথ্য মেপলৈ ৰূপান্তৰ কৰিব চৰকাৰে।আৰু এই মেপত লিখা থাকিব মাটিৰ গৰাকীৰ নাম।অতি সহজ পদ্ধতিৰে কৰিব পাৰিব মাটি কিনা-বেচাৰ কাম। বসুন্ধৰা ৩ৰ জৰিয়তে এই কাম কৰিব চৰকাৰে।ইতিমধ্যে ২,২৯,৬৫৯ গৰাকীয়ে লাভ কৰিছে মাটিৰ পট্টা।