৩০ মে’ত সামৰণি পৰিব অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

Share

৩০ মে’ত সামৰণি পৰিব লোকসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান । ১ জুনত অনুষ্ঠিত হ’ব সপ্তম তথা অন্তিম পৰ্যায় লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে ৯০৪ গৰাকী প্ৰাৰ্থীয়ে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সপ্তম পৰ্যায় নিৰ্বাচনৰ বাবে ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে মুঠ ২১০৫খন মনোনয়ন পত্ৰ দাখিল কৰে আৰু ৯৫৪টা মনোনয়ন পত্ৰ বৈধ হয়। ইয়াৰে ৫০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া বিহাৰৰ ৮খন আসনত ১৩৪ গৰাকী, চণ্ডীগড়ৰ এখন আসনত ১৯ গৰাকী, হিমাচল প্ৰদেশৰ ৪খন আসনত ৩৭ গৰাকী, ঝাৰখণ্ডৰ ৩খন আসনত ৫২ গৰাকী, ওড়িশাৰ ৩খন আসনত ৬৬ গৰাকী প্রার্থী আছে। একেদৰে পঞ্জাৱৰ ১৩খন আসনৰ বাবে ৩২৮ গৰাকীয়ে, উত্তৰ প্ৰদেশৰ ১৩খন আসনৰ বাবে ১৪৪ জন আৰু পশ্চিম বংগৰ ৯খন আসনৰ বাবে ১২৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বীতা আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *