ৰাজ্যৰ  তৃতীয়, চতুৰ্থ বৰ্গ পদৰ বৃহত নিযুক্তি ! পিছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল কৰাৰ তথ্য লাভ কৰিলে আৰক্ষীয়ে 

Share

    বৃহৎ নিযুক্তি পৰীক্ষা ! ৰাজ্য চৰকাৰে মুকলি কৰা ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহৰ বাবে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ । লিখিত পৰীক্ষা অনষ্ঠিত হ’ব ২১ আৰু ২৮ আগষ্টৰ দিনা । জিলাই জিলাই লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে প্ৰায় ১২ লাখ । কিন্তু সমাগত পৰীক্ষাৰ এনে প্ৰাকমুহুৰ্তত পৰীক্ষাটোত ব্যাপক খেলিমেলি সৃষ্টি কৰিবৰ বাবে কোনো দুষ্টচক্ৰই কুচকাৱাজ চলাই থকাৰ এক চাঞ্চল্যকৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। তদুপৰি এই পৰীক্ষাত যাতে কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে সকলোকে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ লগতে প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহ সুৰক্ষাৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

   লক্ষণীয় যে , পূৰ্বতে বহুকেইটা নিযুক্তি পৰীক্ষাত দুষ্টচক্ৰই প্ৰশ্নকাকত ফাদিল কৰা, ধন লৈ চাকৰি লোৱা আদিৰ দৰে ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ অহাৰ পাছতে এইবাৰ সকলো বিভাগৰ নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি অহা ২১ আৰু ২৮ আগষ্টত মুঠ ২৬ হাজাৰ পদৰ বাবে জিলাই জিলাই অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত দুষ্টচক্ৰৰ জালৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীৰ চোৰাংচোৱা বিভাগক সক্ৰিয় কৰি দিয়াৰ কথা সদৰী কৰি আৰক্ষী শীৰ্ষ বিষয়াজনে কয় যে- দুষ্ট চক্ৰই যিকোনো প্ৰকাৰে উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । দুষ্ট চক্ৰৰ জালত যাতে ভৰি নিদিয়ে লগতে এনে পৰীক্ষা হলত কোনোধৰণৰ অসৎ পন্থা গ্ৰহণ নকৰে তাৰ বাবে সকীয়াই দিয়ে আৰক্ষী বিষয়াজনে । 

Leave a Reply

Your email address will not be published. Required fields are marked *