আৰম্ভ হ‘ল ভাষা গৌৰৱ সপ্তাহ

Share

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পিছত ৰাজ্য় চৰকাৰে আয়োজন কৰিছে  ভাষাৰ গৌৱৰ সপ্তাহ ২০২৪ , ৩-৯ নৱেম্বৰ লৈ ভাষাৰ গৌৱৰ সপ্তাহ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য় চৰকাৰে । এই  সন্মান প্ৰদানৰ উদ্দেশ্য়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্য়মৰ জৰিয়তে  চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ উন্নয়নত অৱদান আগবঢ়োৱা  পণ্ডিত ভাষাবিদসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। ভাষা গৌৰৱ সপ্তাহৰ  কাৰ্যসূচী ইতিমধ্য়ে বিভিন্ন জিলাত আৰম্ভ হৈছে ,য’ত দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে  অংশগ্ৰহণ কৰে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই । অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে , ‘‘অসমীয়া জাতিৰ প্ৰথম পৰিচয় হৈছে অসমীয়া ভাষা । প্ৰাচীন কালৰে পৰা আজি পৰ্যন্ত অগণন পণ্ডিতে-গৱেষক -মনীষীয়ে অশেষ শ্ৰম কৰি অসমীয়া ভাষাক এক সন্মানজনক পৰ্যায়ত উপনীত কৰাইছে । যাৰ ফলশ্ৰুতিত যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দেশৰ মুঠ ১১ টা ভাষাৰ অন্যতম হিচাপে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰে ।’’ উল্লেখ যে ভাষাৰ  গৌৱৰ সপ্তাহ আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  X যোগে এই ক্ষেত্ৰত এক বাৰ্তা প্ৰেৰণ কৰিছে । তেওঁ কয় যে   ‘‘ভাষা গৌৰৱ সপ্তাহ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত মানুহৰ উদ্যমক উজ্জ্বল কৰি তোলা এক উল্লেখযোগ্য প্ৰচেষ্টা । মোৰ শুভেচ্ছা থাকিল । সপ্তাহটোৰ ভিতৰত পৰিকল্পিত কাৰ্যসূচী সমূহে মানুহ আৰু অসমীয়া সংস্কৃতিৰ সংযোগ গভীৰ কৰক । লগতে অসমৰ বাহিৰৰ অসমীয়া লোকসকলকো অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।’’

 

Leave a Reply

Your email address will not be published. Required fields are marked *