শীঘ্ৰে বসুন্ধৰা আঁচনি লাভ কৰিব ভূমিহীন খিলঞ্জীয়ালোকে

Share

বসুন্ধৰা আঁচনিক লৈ এতিয়া ডাঙৰ খৱৰ। বৃহস্পতিবাৰে বিধানসভা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়ালোকসকলক উদ্দেশ্যি কয় যে আজি বিধান সভাত ঘোষণা কৰিছো যে অসমত হাজাৰ হাজাৰ  বছৰ ধৰি বাস কৰি অহা লোকসকলেই খিলঞ্জীয়া লোক ।পূৰ্বৰে পৰা মিঞালোকসকল অসমত নাছিলে।যদি মিঞাসকলে তেওঁলোকৰ কোনো জাতিগত প্ৰমাণ দিব পাৰে তেতিয়াহে তেওঁলোকক খিলঞ্জীয়া লোক হিচাপে গণ্য কৰা হব বুলিওঁ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে  মিছন বসুন্ধৰাক লৈ হোৱা ভুল বাখ্যাক শুধৰণি কৰি কয় যে,”বসুন্ধৰা আঁচনি মুছলিম বা মাৰোৱাৰী বিহাৰী সকলৰ বাবে নহয় তেওঁলোকৰ বাবে অইন ব্যৱস্থা আছে।মিছন বসুন্ধৰা আঁচনি হৈছে কেৱল দৰিদ্ৰ খিলঞ্জীয়ালোকৰ বাবে।”এই আঁচনি খনত ১৩ লাখ লোকে আবেদন কৰিছিল যদিও ইয়াৰে প্ৰায় আঢ়ৈ লাখ লোকক হে এই বসুন্ধৰা আঁচনি প্ৰদান কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই এতিয়াও সম্পূৰ্ণ হোৱা নাই চৰাঞ্চলৰ  ভূমিৰ পট্টা।মিছন বসুন্ধৰাত তিনিটা কিস্তিত দিব লাগিব ৫০০ টকাকৈ আৰু আচনিত খেলি-মেলি পালে  অৱগত কৰিবলৈও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব দিয়ে যে,১৬ ফেব্ৰ্ৰুৱাৰীৰ পৰা পুনৰ বিতৰণ হব ভুমিৰ পট্টা।  অসমত অতি কমেও ৩টা প্ৰজন্ম থকা লোকেহে বসুন্ধৰা আঁচনিৰ মাটি লাভ কৰিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *